আজি ৮ আগষ্ট

➡️ ১৯৭৭ চনৰ আজিৰ দিনটোৰ পৰাই অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান বন্ধ কৰা হৈছিল ।

➡️ সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মৃত্যু হৈছিল ২০০৬ চনৰ ৮ আগষ্টত।

➡️ ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত (মুম্বাই) অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হৈছিল । ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ।

➡️ পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে জেনেভাত আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল ৮ আগষ্টত। ৭২ খন দেশৰ ১,২০০ বিজ্ঞানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল ।

➡️ ১৮১৫ চনৰ আজিৰ দিনটোতেই ৱাটাৰ্লু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাপাৰ্টক ছেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল ।

➡️ ১৯০০ চনৰ ৮ আগষ্টত টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.