আজি ৮ জুলাই

➡️ ১৬৯৫ চনৰ ৮ জুলাইত নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হৈছিল । ১৬৫৭ চনত হাইজেন্সে প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়াইছিল।

➡️ ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ (সম্পূৰ্ণ নাম পাৰ্চি বিছি শ্বেলী) মৃত্যু হৈছিল ১৮২২ চনৰ আজিৰ দিনটোতে।

➡️ ১৮৮৯ চনৰ ৮ জুলাইৰ পৰা বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ প্ৰকাশ আৰম্ভ হৈছিল।

➡️ ভাৰতৰ সংবিধান সংস্কাৰ সম্পৰ্কে মণ্টে-ফোৰ্ড শাসন সংস্কাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল ১৯১৮ চনৰ ৮ জুলাইত। চৰকাৰীভাৱে ইয়াৰ নাম Government of India Act of 1919, কিন্তু ভাৰতৰ সচিব মণ্টেগু আৰু ভাইচৰয় লৰ্ড ছেম্‌ছফোৰ্ডৰ যুটীয়া উদ্যোগত প্ৰৱৰ্তিত বাবে এই প্ৰতিবেদন (পিছলৈ আইন) মণ্টেগু-ছেম্‌ছফোৰ্ড শাসন সংস্কাৰ নামেই অধিক পৰিচিত।

➡️ ১৯২৭ চনৰ ৮ জুলাইত সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল।

➡️ সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হৈছিল ১৯২৮ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৫৪ চনৰ ৮ জুলাইত তৎকালীন বিশ্বৰ সৰ্ববৃহৎ খাল পঞ্জাবৰ ভাক্ৰা-নাংগল জলবিদ্যুৎ প্ৰকল্প মুকলি কৰা হৈছিল।

➡️ বিয়ন বৰ্গে তৃতীয়বাৰৰ বাবে উইম্বলডন খিতাপ অৰ্জন কৰিছিল ১৯৭৮ চনৰ আজিৰ দিনটোত।

➡️ ১৯৯০ চনৰ জুলাইত আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি পশ্চিম জাৰ্মানী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন হৈছিল ।

➡️ ছুডানত বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ২০০৩ চনৰ ৮ জুলাইত। এই দূৰ্ঘটনাত ১১৬ জন যাত্ৰী নিহত হৈছিল।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে সংসদত ২০০৪-০৫ চনৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হৈছিল।

➡️২০০৬ চনৰ ৮ জুলাইত শিল্পী, আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু হৈছিল।

➡️ ভাৰতৰ প্ৰক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ (৮০) মৃত্যু হৈছিল ২০০৭ চনৰ আজিৰ দিনটোত।

You might also like
Leave A Reply

Your email address will not be published.