আজি ৮ নৱেম্বৰ

➡ ১৬৫৬ চনৰ আজিৰ দিনটোতে ইংৰাজ গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ এডমাণ্ড হেলীৰ জন্ম হৈছিল।

➡ ১৬৬১ চনৰ ৮ নৱেম্বৰত সপ্তম শিখ গুৰু ৰাইৰ মৃত্যু হৈছিল।

➡ ইংৰাজ কবি জন মিল্টনৰ মৃত্যু হৈছিল ১৬৭৪ চনৰ আজিৰ দিনটোতে। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।

➡ ১৯২৩ চনৰ ৮ নৱেম্বৰত জাৰ্মানীত হিটলাৰৰ নেতৃত্বত সেনা অভ্যুত্থানৰ প্ৰচেষ্টা আৰম্ভ হৈছিল।

➡ ১৯৫৩ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ প্ৰসিদ্ধ সাহিত্যিক ইভান আলেক্সেভিছ বুনিনৰ মৃত্যু হৈছিল। ১৯৩৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡ ১৯৮৭ চনৰ ৮ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল।

➡ জৰ্জ হাৰ্বাৰ্ট ৱাকাৰ বুশ্ব আমেৰিকাৰ ৪১ তম ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯০ চনৰ ৮ নৱেম্বৰত চৰকাৰ গঠন কৰিবলৈ ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণে জনোৱা অনুৰোধৰ প্ৰতি বিজেপি আৰু বাঁও দলবোৰে সঁহাৰি নজনালেও চন্দ্ৰশেখৰক চৰকাৰ গঠন কৰাত কংগ্ৰেছে সমৰ্থন জনাইছিল।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাৰ অভিযোগত ১৫ জন প্ৰাক্তন সেনা বিষয়াক বাংলাদেশ আদালতৰ প্ৰাণদণ্ড বিহা হৈছিল।

➡ ২০০৪ চনৰ ৮ নৱেম্বৰত বিশিষ্ট কবি-গীতিকাৰ আলিমুন্নিছা পিয়াৰৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.