আজি ৯ আগষ্ট

➡️ আজি নাগাছাকি দিৱস।

➡️ ১৮১৯ চনৰ ৯ আগষ্টত দক্ষিণ আমেৰিকাৰ উত্তৰ-পূবৰ দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল ।

➡️ পুণেৰ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হৈছিল ১৮৯৭ চনৰ আজিৰ দিনটোতে। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল। এই ব্যৱস্থাত মাৰাঠী সমাজ অতিশয় ক্ষুণ্ণ হৈ ৰেণ্ডক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল ।

➡️ ১৯৪২ চনৰ ৯ আগষ্টত ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল।

➡️ ১৯৪৫ চনৰ ৯ আগষ্টত জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ হৈছিল ।

➡️ বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে। ১৯৫৭ চনৰ ২৭ ডিচেম্বৰলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ১৯৬২ চনৰ ৯ আগষ্টত জাৰ্মান কবি-ঔপন্যাসিক হেৰমান হেছৰ মৃত্যু হৈছিল । গৌতম বুদ্ধৰ জীৱন-কাহিনীৰ আধাৰত ৰচিত উপন্যাস ‘সিদ্ধাৰ্থ’ ৰ বাবে হেছে লাভ কৰিছিল ১৯৪৬ চনৰ সাহিত্যৰ ন’বেল বঁটা।

➡️ ১৯৬৫ চনৰ ৯ আগষ্টত সাৰ্বভৌম,গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰিছিল।

➡️ ১৯৬৯ চনৰ আজিৰ দিনটোতে কলকাতাৰ অক্টৰলোনি মনুমেণ্টৰ নাম সলনি কৰি নতুন নাম শ্বহীদ মিনাৰ দিয়া হৈছিল।

➡️ ১৯৭১ চনৰ ৯ আগষ্টত শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত এখন ২০ বছৰীয়া চুক্তি স্বাক্ষৰিত হৈছিল ।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হৈছিল।

➡️ ২০০০ চনৰ ৯ আগষ্টত নীলিমা বৰাই ‘মৰমিয়াল পখিলাটি’ আৰু মালিনীয়ে ‘অকণিহঁতলৈ সাধু চলেৰে বিজ্ঞান’ শিশুগ্ৰন্থ দুখনৰ বাবে ১৯৯৮-৯৯ চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল ।

You might also like
Leave A Reply

Your email address will not be published.