১৮৭৭ চনৰ আজিৰ দিনটোতে খ্যাতনামা উৰ্দু কবি, দাৰ্শনিক আৰু শিক্ষাবিদ ছাৰ মহম্মদ ইকবালৰ জন্ম হৈছিল । মুছলমানসকলৰ বাবে সুকীয়া ৰাষ্ট্ৰ গঠনৰ দাবীৰ তেওঁ আছিল মুখ্য প্ৰবক্তা।
১৯১৭ চনৰ ৯ নৱেম্বৰত ঐতিহাসিক অক্টোবৰ বিপ্লৱৰ অন্তত ৰাছিয়াত শ্ৰমিক-কৃষকৰ প্ৰথমখন চৰকাৰ গঠন হৈছিল। লেনিন নৱগঠিত চৰকাৰৰ মুৰব্বী হৈছিল।
জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছিল ১৯১৭ চনৰ আজিৰ দিনটোতে।
১৯২৯ চনৰ ৯ নৱেম্বৰত হাংগেৰীৰ ঐপন্যাসিক ইমৰে কাৰ্টেজৰ জন্ম হৈছিল। ২০০২ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
১৯৮৮ চনৰ আজিৰ দিনটোতে জৰ্জ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল।
উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাজীৱ গান্ধীৰ দ্বাৰা ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল ১৯৮৯ চনৰ ৯ নৱেম্বৰত।
১৯৯০ চনৰ আজিৰ দিনটোতে নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহদেৱৰ নতুন সংবিধান প্ৰৱৰ্তন কৰি দেশখনত দলহীন পঞ্চায়ত ব্যৱস্থাৰ অৱসান কৰিছিল।
১৯৯৮ চনৰ ৯ নৱেম্বৰত গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।
উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী পদৰ পৰা কল্যান সিঙক অপসাৰণ আৰু নতুন মুখ্যমন্ত্ৰী ৰামপ্ৰকাশ গুপ্তা হৈছিল ১৯৯৯ চনৰ ৯ নৱেম্বৰত।
২০০০ চনৰ আজিৰ দিনটোতে উত্তৰাঞ্চল (উত্তৰাখণ্ড) ৰাজ্য গঠন হৈছিল।
২০০১ চনৰ ৯ নৱেম্বৰত শ্বেয়াৰ কেলেংকাৰিত অভিযুক্ত হৰ্ষদ মেহতাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।
পুষ্পলতা দাসৰ মৃত্যু হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতে।
২০০৫ চনৰ ৯ নৱেম্বৰত দেশৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ মৃত্যু হৈছিল।।