ডিজিটেল ডেস্কঃ অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি আজি ৰাজ্যব্যাপী দাবী দিৱস পালন কৰা হয়। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন জিলাত ‘ ঘৰুৱা গ্ৰাহকক মাহত ১২৫ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা, বিগত বৰ্ষত এপিডিচিএলে লাভ কৰা ৪০০ কোটিৰ আনুপাতিক হাৰত এইবাৰ মাচুল হ্ৰাস কৰা, বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণৰ সকলো প্ৰক্ৰিয়া বন্ধ কৰা, তৃণমূল স্তৰলৈকৈ চি জি আৰ এফ গঠন কৰা, বিদ্যুৎস্পৃষ্ঠ হৈ মৃত্যু হোৱা মানুহৰ উপযুক্ত ক্ষতিপূৰণ দিয়া আদি দাবীৰ স্বপক্ষে সপ্তাহব্যাপী ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ সভা সমিতি অনুষ্ঠিত কৰা হয়। সপ্তাহব্যাপী প্ৰচাৰাভিযানৰ অন্তত আজি জিলাই জিলাই দাবী দিৱস পালন কৰা হয়।

গুৱাহাটীত ভালেসংখ্যক বিদ্যুৎ গ্ৰাহক বিজুলী ভৱনৰ সন্মুখত সমবেত হৈ হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে। পিছত এপিডিচিএলৰ এম ডিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। আনপিনে লখিমপুৰ, শোণিতপুৰ, নলবাৰী, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা- মানকাচৰ, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাতো এপিডিচিএলৰ জিলা সংমন্ডল কাৰ্যালয়ৰ সন্মুখত একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়।