আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিষিদ্ধ অ’লি ৰবিন্সন

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

বৰ্ণবিদ্বেষী টুইটৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বহিস্কাৰ অ’লি ৰবিন্সন।

চাচেক্স তথা ইংলেণ্ডৰ বেগী ব’লাৰ অ’লি ৰবিন্সনক বহিস্কাৰ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা। ২৭ বছৰীয়া খেলুৱৈ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত বৰ্ণবাদ আৰু যৌন সম্পৰ্কীয় আপত্তিজনক প’ষ্ট কৰিছিল। বুধবাৰে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা প্ৰথম টেষ্ট মেচ খনত ইংলেণ্ডৰ খেলুৱৈ সকলে বৰ্ণবাদ, যৌনতা, ট্ৰান্সফোবিয়া, হোমোফোবিয়া তথা বয়স বিতৰ্কিত টি-চাৰ্ট পৰিধান কৰাৰ পিছত অ’লি ৰবিন্সনৰ টুইটাৰৰ প’ষ্ট চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ হয়।

ইপিনে, ইংলেণ্ড ক্ৰিকেট ব’ৰ্ড (ECB)ৰ মুখ্য কাৰ্যবাহী বিষয়া টম হেৰিচনে চাচেক্সৰ খেলুৱৈ গৰাকীৰ প’ষ্ট সমূহক তীব্ৰ নিন্দা কৰে। লগতে,ক্ৰিকেট খেলুৱৈ গৰাকীৰ ওপৰত অনুশাসন মূলক ব্যৱস্থা ল’বৰ বাবে এক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, অ’লি ৰবিন্সনে ২০১২ আৰু ২০১৩ চনতে নিজৰ টুইটাৰৰ জৰিয়তে উক্ত বিতৰ্কিত প’ষ্ট কৰিছিল যাৰ বাবে খেলুৱৈ গৰাকীক অনুশাসনমূলক তদন্তৰ ফলাফল নহালৈকে ইংলেণ্ডৰ জাতীয় দল তথা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বহিস্কাৰ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.