আমচাঙৰ বন্যহস্তীৰ এই দুৰৱস্থা কিয় ?

✍ মলয় বৰুৱা
সভাপতি, আৰ্লি বাৰ্ডছ

????১৯৯৭-৯৮ চনৰ পৰা আৰ্লি বাৰ্ডছে কৰি অহা প্ৰচাৰ আৰু প্ৰচেষ্টাৰ ফলত ২০০৪ চনৰ জুন মাহত ৭৮.৬৪ বৰ্গ কি. মি. সাঙুৰি লৈ আমচাঙ বন্যপ্ৰাণী অভয়াৰণ্যৰ জন্ম হৈছিল।সেই সময়ত আমচাঙত ১০০ৰ ওপৰত হাতী আছে বুলি কোৱা হৈছিল । বৰ্তমান বন বিভাগে ৬০টা মান আছে বুলি কয়। খাদ্যৰ নাটনিৰ ফলত ইহঁত অৰণ্যৰ পৰা ওলাই আহি অনাই বনাই মানুহৰ পৰা খাদ্য বিচৰা হ’ল। দুবছৰ আগতে হাতীয়ে গুৱাহাটী-শ্বিলং পথ পৰিভ্ৰমণ কৰা বহুতেই টিভিত দেখিছে। এনে হোৱাৰ মূল কাৰন হল সেনা চাউনিৰ পিচপিনে প্ৰকাণ্ড লোহাৰ খুটা পুতি আমচাঙৰ পৰা জন্তু ওলাব নোৱাৰা কৰি বেৰা দিয়া কাৰ্য । সেই ঠাইত বিশেষকৈ বীৰকুচি বন ৰখীয়া শিৱিৰৰ পিচপিনে জংঘল চফা কৰি তালতলা আৰু নতুনকৈ ইমলি বস্তি গঢ়ি উঠিছে। এই অবৈধ বস্তিৰ ফলত বহু গছ কাটি হাবি চফা কৰি পেলোৱ হ’ল। ফলত বনৰীয়া জন্তুৰ বাবে আশ্ৰয় আৰু খাদ্য দুয়োটাৰে অভাৱ আহি পৰিল। আনহাতে সোনাপুৰৰ ফালে থকা পাহাৰত জেচিবি লগাই পাহাৰ সমান কৰি ধাৱা আৰু ৰিজৰ্ট জাতীয় আৱাস নিৰ্মাণৰ কাম বাঢ়ি আহিছে। ডনবস্ক বিশ্ববিদ্যালয়ৰ পিচফালেও মানুহ সোমাই গছ কাটে। এতিয়া আমচাঙ মানে অবাধ বেদখলৰ ৰম্যভূমি তথা পেলনীয়া সামগ্ৰী পেলোৱা ঠাই । গতিকে চৰকাৰ তথা বন বিভাগে যদিহে কুম্ভকৰ্ণৰ ভাও জুৰে এখন অভয়াৰণ্যৰ অকাল মৃত্যু সুনিশ্চিত। মুম্বাইত কিন্তু সঞ্জয় গান্ধীৰ নামত থকা অভয়াৰণ্যখন তাৰ নাগৰিক সকলে গছ গছনিৰ বাবেই এৰি দি তাৰ নিৰাপত্তা সুদৃঢ় কৰিলে। কংগ্ৰেছৰ আমোলত আমচাঙৰ বুকুত গজাল মাৰি গ’ল।।

You might also like
Leave A Reply

Your email address will not be published.