আমেৰিকাৰ চিকাগোত নৰসংহাৰ!

চিকাগোৰ উপকণ্ঠ অঞ্চলত দেওবাৰৰ পৰা তিনিটা স্থানত উদ্ধাৰ মৃতদেহ

ইণ্টাৰনেচনেল ডেস্ক:

মেৰিকাৰ চিকাগোত নৰসংহাৰ। চিকাগোৰ উপকণ্ঠ অঞ্চলত দেওবাৰৰ পৰা তিনিটা স্থানত উদ্ধাৰ ৮ জন লোকৰ মৃতদেহ। খবৰ মতে, এজন অচিনাক্ত লোকে গুলীচালনা কৰি হত্যা কৰে লোককেইজনক। হত্যাকাৰী এতিয়াও পলাতক হৈ আছে বুলি সোমবাৰে ইলিনয় আৰক্ষীয়ে জনায়। নিহত লোককেইজনৰ এজনৰ মৃতদেহ দেওবাৰে উইল কাউন্টিৰ এটা ঘৰত উদ্ধাৰ কৰা হয়। আনহাতে সোমবাৰে জলিয়েটত দুটা পৃথক গৃহৰ পৰা উদ্ধাৰ হয় আন ৭ জনৰ মৃতদেহ।

ইফালে এতিয়াও হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য জানিব পৰা হোৱ নাই বুলি জলিয়েট আৰু উইল কাউন্টিৰ আৰক্ষীয়ে জনায়। জলিয়েট আৰক্ষীয়ে জনোৱা মতে, ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ টাস্ক ফ’ৰ্চে স্থানীয় আৰক্ষীৰ সৈতে সন্দেহজনক হত্যাকাৰীৰ সন্ধানত সহযোগ কৰি আছে।।

You might also like
Leave A Reply

Your email address will not be published.