আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা
আহমেদাবাদত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখনে আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰিবলৈ লওতেই সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ কাষৰে মেঘানি এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। বিমানখনত কমেও ২৪২ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।