আহমেদাবাদ বিমান দুর্ঘটনাৰ শোক প্রকাশ কৰি টুইট কৰাৰ পাছতে হার্ট এটেকত নিহত বলিউডৰ অভিনেত্ৰীৰ প্ৰাক্তন স্বামী

আহমেদাবাদ বিমান দুর্ঘটনাৰ শোক প্রকাশ কৰি টুইট কৰাৰ পাছতে হার্ট এটেকত নিহত বলিউডৰ অভিনেত্ৰীৰ প্ৰাক্তন স্বামী

গুজৰাটৰ আহমেদাবাদত সংঘটিত দেশ কঁপাই যোৱা বিমান দুর্ঘটনাই সমগ্র বিশ্বকে শোকবিহ্বল কৰি তোলে। দেশৰ প্ৰায় খিনি লোকেই এই ঘটনাক কেন্দ্ৰ কৰি শোক প্রকাশ কৰিছে । বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰেও এই ঘটনাত শোক প্রকাশ কৰে । কিন্তু এক্স হেণ্ডেলত সেই পোষ্ট কৰাৰ কিছু সময় পাছতেই হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় সঞ্জয় কাপুৰৰ। অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰ আছিল দেশৰ এজন সুপৰিচিত ব্যৱসায়ী ।

বৃহস্পতিবাৰে সন্ধিয়া সঞ্জয় কাপুৰ ইংলেণ্ডৰ গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থকাৰ সময়তেই হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে সঞ্জয় কাপুৰে। মৃত্যুৰ কিছু সময় পূর্বে সঞ্জয় কাপুৰে আহমেদাবাদৰ বিমান দুর্ঘটনাত নিহত হোৱা ২৪১ জন লোকৰ মৃত্যুক লৈ শোক প্রকাশ কৰিছিল।সঞ্জয় কাপুৰ দেশৰ সোনা কমষ্টাৰ নামৰ অটোমোবাইল কোম্পানী এটাৰ অকার্যবাহী অধ্যক্ষও আছিল । দেশৰ বৃহৎ উদ্যোগপতি ড০ সুৰিন্দৰ কাপুৰৰ পুত্ৰ সঞ্জয়ে বিশ্বব্যাপী কোম্পানীটোৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সঞ্জয় কাপুৰ ভাৰতীয় অটোমোটিভ কম্পোনেন্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন (এচিএমএ)ৰ সভাপতিও আছিল। সেই সঞ্জয়ৰ লগতে ২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰ বিবাহপাশত আবদ্ধ হৈছিল যদিওঁ ২০১৬ চনত সেই সম্পৰ্কৰ শেষ হয়।

You might also like
Leave A Reply

Your email address will not be published.