আৰক্ষীৰ জালত ভূৰাগাঁৱৰ ধৰ্ষণ-হত্যাকাৰী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অপৰাধৰ সকলো সীমা চেৰোৱা ভূৰাগাঁৱৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ডৰ নৰপিশাচক গ্ৰেপ্তাৰ। ধৃত পাষণ্ডটো স্থানীয় মছজিদৰ প্ৰাক্তন ইমাম হোৱাৰ উপৰি এখন মাদ্ৰাছাত শিক্ষকতাৰ সৈতেও জড়িত আছিল। পাষণ্ডটো ৬৫ বছৰীয়া বৃদ্ধ ছৈয়দ আলী।এই পাষণ্ডটোৱেই ২০ জুনৰ দিনা এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল। ইমানেই নহয়,সভ্যতাক চৰম ৰূপত লজ্জানত কৰি হত্যাৰ পাছতো জঘন্য মনোকামনা পুৰনেৰে মৃত কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল লম্পটটোৱে।এই ঘটনাই তীব্ৰ খলকনি টোলাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলীলৈ গৈ ক্ষীপ্ৰ তদন্তৰ লগতে দোষীক কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ৪৮ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে লম্পটটোক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে ইমান ঘৃণনীয় কাণ্ড সংঘটিত কৰিও অনুতপ্ত হোৱাৰ বিপৰীতে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালক ৩ লাখ টকা দি গ্ৰেপ্তাৰৰ পৰা হাত সৰাৰহে চেষ্টা চলাইছিল লম্পটটোৱে।আনকি কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ দিনা দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল’বলৈ যোৱা সকলৰ মাজতো অন্যতম আছিল পাষণ্ড বৃদ্ধ ছৈয়দ আলী।
পূৰ্বেও একাধিক অপৰাধজনিত ঘটনাত জড়িত থকা লম্পট ছৈয়দ আলীৰ ফাঁচীৰ দাবীত সৰব হৈ পৰিছে স্থানীয় বাসিন্দা তথা দল- সংগঠন।।

You might also like
Leave A Reply

Your email address will not be published.