ইউএছটিএমৰ ৪৬ ছাত্ৰ-ছাত্ৰীৰ ইউজিচি-নেটৰ যোগ্যতা অৰ্জন
বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম)য়ে ৰাষ্ট্ৰীয়
পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ
কৰি আছে। ২০২৫ চনৰ জুন মাহত অনুষ্ঠিত ইউজিচি-নেট পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত
ইউএছটিএমৰ ৪৬ জন ছাত্ৰ-ছাত্ৰীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ
অনন্য পে-বেক পলিচিৰ অধীনত ইউএছটিএম-এ নেট-যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ
অসাধাৰণ কৃতিত্বৰ পুৰস্কাৰ হিচাপে সমগ্ৰ পাঠ্যক্ৰমৰ মাচুল ঘূৰাই দিব।
এই উপলক্ষে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি.ডি. শৰ্মাই কয়- “আমি ছাত্ৰ-ছাত্ৰীক উৎসাহিত
আৰু প্ৰেৰণা দিবলৈ আৰ্থিক সহায় আগবঢ়াইছো, যাৰ ফলত কোনো ছাত্ৰই আৰ্থিক অভাৱৰ বাবে উচ্চ
শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে।” ইউএছটিএমৰ ইউনিভাৰ্চিটি নেট ফ’ৰামৰ সঞ্চালিকা ড০ তৃষ্ণা
ঠাকুৰীয়াই কয়- “ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, স্লেট, আইএএছ আৰু অন্যান্য উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক
পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ ইউএছটিএম-এ ইয়াৰ পে-বেক পলিচিৰ জৰিয়তে
আৰ্থিক পুৰষ্কাৰ আগবঢ়ায়। আমাৰ নেট ফ’ৰামে প্ৰতিদিনে বিয়লি ৪-৩০ বজাৰ পিছত নিয়মীয়াকৈ কোচিং চেচন
অনুষ্ঠিত কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে ইউজিচি-নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সুবিধা হয়।” ইয়াৰ আউটৰিচ
মিছনৰ অংশ হিচাপে ইউএছটিএম-এ ইয়াৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামৰ জৰিয়তে নেট, স্লেট, গেট, বেংকিং,
ষ্টাফ চিলেকচন কমিছন (এছএছচি) আৰু অন্যান্য চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও বিনামূলীয়া
প্ৰশিক্ষণ প্ৰদান কৰে। এই কেন্দ্ৰৰ অবিচ্ছেদ্য অংগ নেট ফ’ৰামে ২০১৭ চনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সফলতাৰে পথ প্ৰদৰ্শন কৰি আহিছে।
উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ পৰা প্ৰতিবছৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় UGC/JRF NET পৰীক্ষাত।
২০২৪ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল বিশ্ববিদ্যালয়খনৰ ৭১জন ছাত্ৰ।