ইউৰ’ কাপৰ ছেমিফাইনেলত প্ৰৱেশ ইংলেণ্ড,ডেনমাৰ্কৰ

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত ইংলেণ্ড আৰু ডেনমাৰ্কৰ চেমি ফাইনেলত প্ৰৱেশ। ৰোমত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ইউক্ৰেইনক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰে। ইংলেণ্ডৰ হৈ হেৰী কেনে ২ টা, হেৰী মেগুৱেৰ আৰু জৰ্ডান হেণ্ডাৰছনে এটাকৈ গ’ল দিয়ে। ইপিনে, আন এখন কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কে চেক ৰিপাব্লিকক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰে। ডেনমাৰ্কৰ হৈ থমাচ ডেলানে আৰু কেছপাৰ ড’লবাৰ্গে এটাকৈ গ’ল দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.