ইউ.এছ.টি.এম.ৰ গৱেষক দলক ডাঙৰ সাফল্য
ক’লা হালধিৰে Antimicrobial ক্ৰীম প্ৰস্তুত
গুৱাহাটী, ৪ আগষ্টঃ USTM ৰ এক আগশাৰীৰ গৱেষক দলে এটা উল্লেখযোগ্য গৱেষণা সফলতা অৰ্জন কৰিছে। তেওঁলোকে এটা সম্পূৰ্ণ প্ৰাকৃতিক জৈৱ প্ৰতিজীৱী ক্ৰীম (antimicrobial cream) প্ৰস্তুত কৰি উলিয়াইছে, যাৰ মূল উপাদান হৈছে দুৰ্লভ ক’লা হালধি (Curcuma caesia Roxb.)।
পাঁচ বছৰৰ বৈজ্ঞানিক গৱেষণা আৰু ক্লিনিকেল পৰীক্ষাৰ পিছত, কাৰ্বি আংলং, খেত্রী, মইৰাং, আৰু নংপোহ অঞ্চলসমূহত এই গৱেষণা সম্পাদিত হয়। এই প্ৰস্তুতকৰণৰ পেটেণ্ট ২৫ জুলাই, ২০২৫ তাৰিখে Indian Patent Journal-ত প্ৰকাশিত হয়। ই ছালৰ বহু প্ৰকাৰৰ ৰোগ—যেনে একজিমা, একনে, ব্যাক্টেৰিয়া/ফাংগাসজনিত সংক্ৰমণ আদিৰ কাৰ্যকৰী চিকিৎসা হিচাপে নিজৰ প্ৰভাৱ প্ৰমাণ কৰিছে।
এই গৱেষণা PhD ৰ গৱেষক ৰানা মুখাৰ্জীৰ নেতৃত্বত আৰু জৈৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডাঃ দেবজা শৰ্মাৰ তত্বাৱধানত আৰু উপাচাৰ্য প্ৰফ. জি. ডি. শৰ্মাৰ সহ-তত্বাৱধানত সম্পন্ন হয়। নগাঁৱৰ মৌমিতা চৰকাৰও এই প্ৰকল্পৰ সহ-আৱিষ্কাৰক।
ডাঃ শৰ্মাই কয়, “আমাৰ ক্ৰীমটো ৫০ গৰাকী স্বেচ্ছাসেৱকক অনুমোদিত মানব পৰীক্ষাৰ মাধ্যমে প্ৰয়োগ কৰা হৈছিল আৰু ফলাফল অভুতপূৰ্ব আছিল। ক্ৰনিক বেডছোৰত ভোগা এজন ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰে।”
এই ক্ৰীমটো ক’লা হালধি, ঘৃতকুমাৰী (Aloe vera), নাৰিকল তেল আৰু চন্দন তেলৰ মিশ্ৰণে তৈয়াৰ কৰা হৈছে। ই বেক্টেৰিয়া, ফাংগাছ, ইনফ্লেমেচন, একজিমা, ছানবাৰ্ণ, একনে, আৰু ছালৰ সংবেদনশীলতাৰ বাবে উপযোগী। লগতে, এই প্ৰস্তুতকৰণত UV প্ৰটেকশ্যনৰ সুবিধাও আছে।
বজাৰৰ অন্য আয়ুৰ্বেদিক ক্ৰীমসমূহৰ সৈতে তুলনা কৰি দেখা গৈছে যে তাত ৰাসায়নিক উপাদান থাকে, কিন্তু USTMৰ গৱেষণাগাৰত প্ৰস্তুত কৰি উলিওৱা এই ক্ৰীমটো ১০০% প্ৰাকৃতিক আৰু ৰাসায়নিক মুক্ত। এই গৱেষণা বৈজ্ঞানিক সমাজত যথেষ্ট সমাদৃত হৈছে আৰু আধুনিক জৈৱ-চিকিৎসা গৱেষণাৰ সৈতে পৰম্পৰাগত জ্ঞানৰ মিলন ঘটোৱাৰ বাবে বিশেষ প্ৰশংসা লাভ কৰিছে।
USTM এ বৰ্তমান বিভিন্ন ফাৰ্মাচিউটিকেল কোম্পানীৰ সৈতে যোগাযোগ স্থাপন কৰিছে যাতে এই ক্ৰীম বজাৰত উপলব্ধ কৰিব পৰা যায়। যদিও অৰ্থৰ যোগান এখন সঁচা চেলেঞ্জ, বিশ্ববিদ্যালয়ৰ আশা; বিভিন্ন উদ্যোগ, চৰকাৰী সংস্থা আৰু স্বাস্থ্য ক্ষেত্ৰৰ সহায় লাভ কৰিলে এই উদ্ভাৱনটো বৃহৎ পৰিসৰত জনসাধাৰণলৈ আগবঢ়াব পাৰিব।
“USTM সদায় সমাজ পৰিবৰ্তনকাৰী গৱেষণাৰ ওপৰত গুৰুত্ব দিয়ে,” উপাচাৰ্য গৰাকীয়ে কয়। “এই গৱেষণাই দেখুৱাইছে যে পৰম্পৰাগত গৱেষণা আৰু আধুনিক বিজ্ঞান একেলগে চলিলে কিমান শক্তিশালী হ’ব পাৰে।”