ইৰাকৰ প্ৰধানমন্ত্ৰীক হত্যাৰ চেষ্টা

ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমীক ৰকেট আক্ৰমণেৰে হত্যাৰ চেষ্টা। প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমীক দেওবাৰে পুৱতি নিশা তেওঁৰ ঘৰত ৰকেট আক্ৰমণৰ দ্বাৰা হত্যাৰ বিফল প্ৰচেষ্টা চলাই দুৰ্বৃত্তই। ইৰাকী সামৰিক বাহিনীয়ে জনোৱা মতে বাগদাদত থকা তেওঁৰ বাসগৃহত এটা বিস্ফোৰক ভৰ্তি ড্ৰোনৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰা হৈছিল।

আক্ৰমণৰ পিছতে প্ৰধান মন্ত্ৰী কাধিমীয়ে নিজৰ টুইটাৰৰ জৰিয়তে তেওঁ ভালে থকা বুলি সদৰি কৰে আৰু লগতে ৰাইজক শান্ত আৰু সংযম হোৱাৰ আহ্বান জনায়।।

You might also like
Leave A Reply

Your email address will not be published.