উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)এ মেট্ৰিকৰ ফলাফলৰ এদিন পাছতেই আজি ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবেলি প্ৰথমবাৰৰ বাবে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ফলাফল ঘোষণা কৰা হৈছে। এইবেলি মুঠ ২,৪৯,৮১২ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৮,৪৩০ গৰাকী বিজ্ঞান শাখাৰ, ১,৯১,৮৫৫ গৰাকী কলা শাখাৰ, ১৮,৪৪৩ গৰাকী বাণিজ্য শাখাৰ আৰু ১,০৮১গৰাকী শিক্ষাৰ্থী বৃত্তিমূলক পাঠ্যক্ৰমৰ।
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩% হোৱাৰ বিপৰীতে বাণিজ্য শাখাত ৯৯.৫৭% আৰু
বিজ্ঞান শাখাত ৯৯.০৬% উত্তীৰ্ণ হৈছে।
কলা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫ গৰাকী।
কলা শাখাত প্ৰথম বিভাগত ৫৮,২৪৪ গৰাকী,দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১৮,৪৪৩ গৰাকী।
ইয়াৰে প্ৰথম বিভাগত ১১,১৮৯ গৰাকী,দ্বিতীয় বিভাগত ৫,৪৯৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৬৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। আনহাতে বিজ্ঞান শাখাত অৱতীৰ্ণ মুঠ পৰীক্ষাৰ্থী আছিল ৩৮,৪৩০ গৰাকী।
বিজ্ঞান শাখাত প্ৰথম বিভাগত ৩২,৯১৭ গৰাকী, দ্বিতীয় বিভাগত ৩,৬০৯ গৰাকী আৰু তৃতীয় বিভাগত ৫৪২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.