উত্তৰ প্ৰদেশৰ ঝাঁচীৰ সমীপৰ সেনাৰ বাবিনা কেণ্টনমেণ্টত অঘটন। ক্ষেত্ৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত টি ৯০ টেংকৰ বেৰেল ফাটি যোৱাৰ ফলত এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ’)সহ কমেও দুজন ভাৰতীয় সেনা জোৱান নিহত। আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন জোৱান । মৃত সেনা বাহিনীৰ জোৱান কেইজন ৰাজস্থানৰ বগড়িয়াৰ সুমেৰ সিং আৰু পশ্চিম বংগৰ সুকান্ত মণ্ডল বুলি চিনাক্ত কৰা হৈছে।ইফালে আহত সেনা জোৱান উত্তৰ প্ৰদেশৰ খলীলাবাদৰ প্ৰদীপ সিং যাদৱ বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাই তদন্তৰ নিৰ্দেশ দিছে ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like