এই দীপাৱলীতে দেউলীয়া হ’ব ৰঙা চীন!

এইবেলি দীপাৱলীত চীনক দেউলীয়া কৰিব ভাৰতে।প্ৰায় ৫০ হেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব বেইজিং।কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চ(CAIT)এ জনোৱা মতে যোৱা বছৰেই চীনৰ সামগ্ৰী বৰ্জনৰ বাবে জনোৱা সংস্থাটোৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছে দেশবাসীয়ে।যাৰ ফলত দেশীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিত স্থানীয় অৰ্থনীতিয়ে মূৰ ডাঙি উঠাৰ সমান্তৰালকৈ ভাৰতীয় ব্যৱসায়ি সকল উৎফুল্লিত হৈ পৰিছে।জানিব পৰা মতে ভাৰতত ৰাখি উৎসৱৰ পৰা নববৰ্ষৰ আয়োজন পৰ্যন্ত ভাৰতে চীনৰ পৰা ৭০ হেজাৰ কোটিতকৈও অধিক সামগ্ৰী আমদানি কৰি আহিছে।কিন্তু এইবেলি CAITএ গুৱাহাটীকে ধৰি দেশৰ ২০ খন প্ৰধান চহৰত চলোৱা সমীক্ষাত পোহৰলৈ অহা মতে দেশৰ জনতাই চীনা সামগ্ৰী বৰ্জন কৰাৰ ফলত এইবেলি চীনে ৰাখি উৎসৱত প্ৰায় ৫ হেজাৰ কোটি আৰু গণেশ চতুৰ্থীৰ সময়ত ৫০০ কোটিৰ লোকচানৰ সন্মুখীন হ’ব লগা হয়।।

You might also like
Leave A Reply

Your email address will not be published.