এক দেশ, এক ছাত্ৰ ID

প্ৰদান কৰা হ’ব Automated Permanent Academic Account Registry (APAAR) কাৰ্ড

নিউজ ডেস্ক:

ইবাৰ এক দেশ, এক ছাত্ৰ আইডি। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি উচ্চ শিক্ষাৰ সৈতে একত্ৰীকৰণ নিশ্চিত কৰিবলৈ চৰকাৰে অতি সোনকালে এক দেশ, এক ছাত্ৰ আইডি বিদ্যালয়সমূহলৈ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে । এই পদক্ষেপৰ অধীনত ছাত্ৰ-ছাত্ৰীক ১২ সংখ্যাৰ একক আইডিৰ সৈতে প্ৰদান কৰা হ’ব Automated Permanent Academic Account Registry (APAAR) কাৰ্ড । জানিব পৰা মতে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰই আৰম্ভ কৰিছে এই পদক্ষেপ। বৰ্তমানলৈকে ২ কোটি ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে APAAR ID । প্ৰি-প্ৰাইমাৰীৰ পৰা পি এইচ ডিলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে আজীৱন আইডি হ’ব আপআৰ। অবশ্যে শিক্ষা যিহেতু ৰাজ্যিক বিষয়, গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত ৰাজ্যসমূহে কোনো পদক্ষেপ গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়।।

 

You might also like
Leave A Reply

Your email address will not be published.