এটা পৰিয়ালৰ ছয়জন সদস্যৰ ৰহস্যজনক মৃত্যু!

বুধবাৰে জম্মুৰ সিধাৰা তাৱী বিহাৰ আৱাসিক এলেকাৰ এটা ঘৰৰ পৰা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । এটা পৰিয়ালৰ ছয়জন সদস্যৰ ৰহস্যজনক মৃত্যুয়ে কৌতুহলৰ সৃষ্টি কৰিছে অঞ্চলটোত। আৰক্ষীয়ে নিহত লোকসকলক ছাকিনা বেগুন, তেওঁৰ দুগৰাকী কন্যা নাছিমা আখতাৰ আৰু ৰুবিনা বানো, পুত্ৰ জাফৰ ছালিমৰ লগতে আন দুজন আত্মীয় নূৰ উল হাবিব আৰু সাজাদ আহমদ বুলি চিনাক্ত কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কেইটা জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ সঠিক কাৰণ বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.