এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত নিহতসকললৈ বেজেৰাত শ্ৰদ্ধাঞ্জলি
গুৱাহাটী ,১৪ জুন
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বেজেৰাৰ চৌধুৰী চুবুৰীৰ কৃষ্ণ মন্দিৰ প্ৰাঙ্গণত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়া বিমানৰ দুৰ্ঘটনাত নিহত ২৭৪ গৰাকী যাত্ৰীৰ স্মৃতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।এই বেদনাদায়ক ঘটনাটোৰ পৃষ্ঠভূমিত বেজেৰা অঞ্চলৰ সামাজিক-বৌদ্ধিক সংগঠন ‘ৰামধেনু’-ৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰি গভীৰ শোক প্ৰকাশ কৰা হয়। ভাস্কৰ জ্যোতি বেজবৰুৱাই আত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী পুৰন্দৰ চৌধুৰীয়ে। তেওঁ নিজৰ ভাষণত নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই ধৰণৰ দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে। ইয়াত তপন ডেকা, নৱজ্যোতি বৰ্মন,বিকাশ কুমাৰ শৰ্মা, জিতেন শৰ্মা সহ ৰামধেনুৰ বিষয়ববীয়া সদস্য সকল উপস্থিত থকাৰ লগতে চুবুৰীৰ আই মাতৃ,স্থানীয় বহু ব্যক্তিয়ে উপস্থিত থাকি নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। পৰিৱেশটো শোকাৱহ আৰু মননশীলতাৰে পৰিপূৰ্ণ হৈছিল।