এহেজাৰ টকাত এটা আম!

নিউজ ডেস্ক–

আপুনি বাৰু ১ হাজাৰ টকীয়া আম খাই পাইছেনে ? জানিলে আচৰিত হ’ব মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাৰ কাঠিৱাড়াত উৎপাদিত নুৰজাহান প্ৰজাতিৰ এটা আমৰ মূল্যৰ ১ হাজাৰ টকা। এই নুৰজাহান প্ৰজাতিৰ আম আফগান মূলৰ। নুৰজাহান প্ৰজাতিৰ আমৰ খেতি কেৱল গুজৰাট সীমান্তৰ পাৰ্শ্বৱৰ্তী মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাৰ কাঠিৱাড়াত অঞ্চলতহে কৰা হয়। নুৰজাহান প্ৰজাতিৰ একোটা আম বিক্ৰী কৰা হয় পাঁচশৰ পৰা এহেজাৰ টকাকৈ। সম্প্ৰতি মধ্যপ্ৰদেশ চৰকাৰে এই বিৰল প্ৰজাতিৰ আমগছ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। লগতে এই আমৰ বাবে ইতিমধ্যেই পেটেন্টো আবেদন জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত।।

You might also like
Leave A Reply

Your email address will not be published.