ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় ‘চিলাৰায় ভৱন’ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় ‘চিলাৰায় ভৱন’ৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ওদালগুৰি, ২৭ মে’: আজি ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় ‘চিলাৰায় ভৱন’ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ বিশেষ পুঁজিৰ দ্বাৰা এই ভৱনটি নিৰ্মাণ কৰা হ’ব।

মন্ত্ৰী হাজৰিকাই এই অনুষ্ঠানত ভষণ প্ৰদান কৰি কয় যে জিলাখনত জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশত এই ভৱনটিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব। তেখেতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত ৰাজ্যৰ সকলো জাতি, ধৰ্ম, সম্প্ৰদায়ৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন আঁচনি ক্ষিপ্ৰতাৰে ৰূপায়ন কৰি থকা হৈছে।

তেওঁ কয় যে কোচ ৰাজবংশীসকলৰ সৰ্বাংগীণ উন্নয়ন নিশ্চিতকৰণৰ উদ্দেশ্যে বিজেপি চৰকাৰৰ দিনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ উপৰি কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰি অতিৰিক্ত সুবিধা প্ৰদানৰ দিহা কৰা হৈছে।কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উপৰি ৰাজ্যৰ অন্য প্ৰান্তত বাস কৰা কোচ ৰাজবংশী লোকসকলৰ উন্নয়নৰ বাবে ২৫ কোটি টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে যাতে সকলো সুবিধা-আঁচনিৰ সুফল ভোগ কৰিব পাৰে, তাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ কয়।

ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে আগন্তুক সময়ত মন্ত্ৰী হাজৰিকাই জিলাখনত সঘনাই আহি থকাৰ উপৰি সময়ে সময়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ-সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

এই কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ ‍ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ৰণাদিত্য বৰ্মণ সহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.