ক’ত,কেতিয়া অলিম্পিকত লাভলীনাৰ খেল?

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ৰাজ্যৰ চৌদিশে এতিয়া এটাই নাম।লাভলীনা বৰগোহাঁই। অলিম্পিক অভিমুখী প্ৰথম অসমীয়া মহিলা বক্সাৰ গৰাকীক লৈ স্বাভাৱিকতে উৎসাহ আৰু উৎস্যুকতাৰো অন্ত নাই প্ৰতি গৰাকী অসমীয়াৰ মনত।টকিঅ’ অলিম্পিকত কোনদিনা,কিমান সময়ত বক্সিং ৰিঙত উঠিব অসমৰ লাভলীনা?

অলিম্পিক অভিমুখী ভাৰতীয় ক্ৰীড়াবিদৰ দলটোত দেশবাসীৰ বিশেষভাৱে দৃষ্টি নিবদ্ধ ৯ জনীয়া শক্তিশালী বক্সাৰ টীমটোৰ ওপৰত।এই ৯ জনীয়া দলটোৰ অন্যতম অসমৰ লাভলীনা আৰু মনিপুৰৰ মেৰী কম। দুয়োগৰাকীৰে প্ৰথম খেলো একেদিনাই। টকিঅ’ অলিম্পিকৰ উদ্বোধনৰ পিছদিনাই, অৰ্থাৎ ২৪ জুলাইত ভাৰতীয় সময় মতে পুৱা ৭:৩০ বজাত ভাৰতীয় বক্সাৰৰ যুঁজ আৰম্ভ হ’ব অসমৰ লাভলীনাৰ খেলেৰেই। একেদিনাই লাভলীনাৰ সৈতে তিনিগৰাকী ভাৰতীয় বক্সাৰৰ ভাগ্য নিৰ্ণয় হ’ব। আন দুগৰাকী মেৰী কম আৰু বিজয় কিষান। টকিঅ’ অলিম্পিকৰ সেই খেল আপুনি পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব চনী টেন-১ আৰু চনী টেন-২ যোগে।।

You might also like
Leave A Reply

Your email address will not be published.