ক’ত হেৰাল ক’ভিডত মৃত্যু হোৱা ৰাতুলৰ অংগ?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাটালত চাঞ্চল্য। ক’ভিডত আক্ৰান্ত এজন যুৱকৰ মৃত্যুক লৈ হস্পাটাল খনৰ প্ৰতি সন্দেহৰ আঙুলি মৃত যুৱকজনৰ পৰিয়ালৰ। জানিব পৰা মতে ধিঙৰ ভকতগাঁৱৰ ৰাতুল শইকীয়া নামৰ যুৱক এজন যোৱা ২৯ জুনত ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৩০ জুনৰ দিনা GMCH ৰ চুপাৰ স্পেচিয়েলিটি ক’ভিড চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।অবশেষত ২ জুলাইত মৃত্যু ঘটে যুৱকজনৰ। অভিযোগ মতে মৃত্যুৰ পাছত যুৱকজনৰ কাষ চাপিবলৈ দিয়া হোৱা নাছিল কোনো আত্মীয়ক। চিকিৎসালয় কতৃপক্ষই গুৱাহাটীতেই চৰকাৰীভাৱে সৎকাৰৰ ব্যৱস্থা কৰে মৃত যুৱকজনৰ। শ্মশানত মৃত যুৱকজনৰ আত্মীয়ৰ বহু কাকুতি মিনতিৰ পাছত মৃতদেহ চোৱাৰ অনুমতি দিয়া হয় যদিও মৃতদেহটো প্ৰত্যক্ষ কৰিয়েই হতভম্ব হৈ পৰে মৃত ৰাতুলৰ ভাতৃ প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়া।কাৰণ মৃতদেহটোৰ এটা চকু নথকাৰ লগতে তল পেটতো কটা অবস্থাত আছিল। ইয়াৰ পাছতেই পৰিয়ালৰ লোকে মৃতদেহটোৰ কেইবাখনো ফটো ম’বাইল কেমেৰাত বন্দী কৰি থয়। পৰিয়ালৰ সন্দেহ চিকিৎসালয়ত মৃত্যু ঘটা ৰাতুলৰ শৰীৰৰ অংগ কাটি লৈ যোৱা হৈছে।এই ঘটনাই সমগ্ৰ নগাঁও জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিষয়টোৰ যথোচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে মৃত ৰাতুল শইকীয়াৰ আত্মীয়ই।।

You might also like
Leave A Reply

Your email address will not be published.