ক’ভিডৰ গ্ৰাসত গোৱালপাৰা সৈনিক স্কুল

বৰ্ধিত ক’ভিডৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰাৰ সৈনিক স্কুলক কনটেইনমেণ্ট জ’ন ঘোষণা। প্ৰাপ্ত খৱৰ মতে, ২৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত বিদ্যালয়খনত মুঠ ২৯ জনৰ গাত ক’ভিড পজিটিভ ধৰা পৰিছিল য’ত ২৭ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষক আছিল।

এতিয়াও ২৯ জনৰ ভিতৰত ১২ জন শিক্ষাৰ্থী আৰু এজন শিক্ষক ক’ভিড আক্ৰান্ত । ইয়াৰ পৰিপ্ৰেক্ষিতত, প্ৰশাসনে বিদ্যালয়খনক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ।।

You might also like
Leave A Reply

Your email address will not be published.