নিউজ ডেস্ক-
ৰাজ্যত উন্নত হৈছে ক’ভিডৰ পৰিস্থিতি। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৩৩৬ গৰাকী লোক। মৃত্যু ১০ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ৮৭ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৯৪ ।
আনহাতে দেশত কমিছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ২৫,৪২০ গৰাকী। মৃত্যু হৈছে ৩৮৫ গৰাকী ৰোগীৰ।।