নিউজ ডেস্ক-
ৰাজ্যত ০.৭১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩৭৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৩৩ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২৪,১৪৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৫৮ জন।