নিউজ ডেস্ক, এন ই ভাৰত
ৰাজ্যত সামান্য উন্নত ক’ভিড পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৫৫ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৭৫১ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৪১ জন লোক। আক্ৰান্তৰ হাৰ ৩.২৪ শতাংশ। আনহাতে দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৯৪,০৫২ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৬,১৪৮।।