ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৪৩১ গৰাকী লোক। ইয়াৰে ১০৬ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৮ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১.২৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.০৪শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭১,৩৬৫গৰাকী । মৃত্যুমুখত পৰিছে ১,২১৭ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ৪.৫৪ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.