ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ৰণা সংক্ৰমণ। বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হৈছে ২,৬৭২ গৰাকী আৰু মৃত্যু ২৭ গৰাকীৰ। মুঠ আক্ৰান্তৰ ১৪৯ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘন্টাত ১,০১,২২২ গৰাকী ব্যক্তিৰ ক’ৰণা পৰীক্ষা কৰা হৈছিল আৰু ১,৯৯৬ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। আক্ৰান্তৰ হাৰ ২.৬৪% । সম্প্ৰতি ২৫,৬৯২ গৰাকী ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
আনহাতে দেশত বিগত ২৪ ঘন্টাত আক্ৰান্ত হৈছে ৪৫,৬৪১ গৰাকী আৰু মৃত্যু ৮১৬ গৰাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.