ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত সামান্য হ্ৰাস পাইছে ক’ভিড সংক্রমণ। এহেজাৰৰ তললৈ নামিল আক্ৰান্ত। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৯৮৯ গৰাকী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৯ গৰাকী লোকৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ০.৯২ শতাংশ।

দেশত হ্ৰাস পাইছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,৭৮৬ গৰাকী লোক। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৪২ গৰাকী। সুস্থ হৈ ঘৰলৈ উভতিছে মুঠ ৩০,৪১২,৮৭৩ গৰাকী লোক।।

You might also like
Leave A Reply

Your email address will not be published.