ক’ভিড হস্পাটালত ভয়ংকৰ জুই!

ইন্টাৰনেচনেল ডেস্ক-

ইৰাকৰ দক্ষিণ চহৰ নাছিৰিয়াৰ এখন ক’ভিড চিকিৎসালয়ত অক্সিজেন টেংক বিস্ফোৰণৰ ফলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডত কমেও ৫০ জন লোক নিহত আৰু কেইবা গৰাকী লোক আহত হৈছে।
উদ্ধাৰকাৰী সকলে অধিক মৃতদেহৰ সন্ধানত হস্পাটালখন তন্নতন্ন কৰি চালাথ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমীয়ে জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে জৰুৰী বৈঠক অনুস্থিত কৰে আৰু নাছিৰিয়াত স্বাস্থ্য আৰু অসামৰিক প্ৰতিৰক্ষা প্ৰৱন্ধকসকলক নিলম্বন আৰু গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। উক্ত চিকিৎসালয়খনৰ মেনেজাৰকো নিলম্বিত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে,মাত্ৰ তিনি মাহ আগতে মুকলি কৰা নতুন ৱাৰ্ডটোত ৭০ খন বিচনা আছিল।

You might also like
Leave A Reply

Your email address will not be published.