কাইলৈৰ পৰা অসম বিধানসভাৰ অধিবেশন

সোমবাৰৰ পৰা অসম বিধানসভাৰ শীতকালিন চমু অধিবেশন।৫ দিনীয়া অধিবেশনত সদনত ১৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা।ইয়াৰে ১ খন নতুন আৰু ১২ খন সংশোধিত বিধেয়ক। সংশোধিত বিধেয়ক সমূহৰ মাজত পশুধন সুৰক্ষা বিধেয়ক অন্যতম। এই চমু অধিবেশনতে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পৰ্কীয় বিধেয়কো উত্থাপনৰ সম্ভাৱনা আছে।ইফালে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে জনোৱা মতে এইবেলি প্ৰথমবাৰৰ বাবে সদনত প্ৰযুক্তিৰ জৰিয়তে প্ৰশ্নোত্তৰৰ ব্যৱস্থা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.