কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ!

 

নিউজ ডেস্ক :

২৫ মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৪৪,৭০৩ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহন কৰিব ।

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছু পদক্ষেপ হাতত লৈছে । কামৰূপ মহানগৰত ‘No Drone Fly Zone’ ঘোষণা কৰা হৈছে। আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন থাকিব। এই দুটা দিনত গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব। অমিত শ্বাহৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

আনহাতে, গৃহমন্ত্ৰীৰ ভ্ৰমণক লৈ পথ নিৰ্দেশনা জাৰি।কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা। জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহনত নিষেধাজ্ঞা। ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লঘু-গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা। ২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ থাকিব নিষেধাজ্ঞা। পাঞ্জাবাৰী ৰোড, জি এছ ৰোড, বি বৰুৱা ৰোডত বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা। এম জি ৰোড, এ টি ৰোড আৰু ডি জি ৰোডতো বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা। পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ থাকিব এই নিষেধাজ্ঞা। যান-বাহন শাখাৰ DCPয়ে জাৰি কৰিলে এই নিৰ্দেশনা।

You might also like
Leave A Reply

Your email address will not be published.