কাইলৈ মাজুলীত আছুৰ ক’লা দিৱস

হৃদয়বিদাৰক মাজুলী-যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই আভ্যন্তৰীণ জলপৰিবহণ আৰু জিলা প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলি এক প্ৰেছ বিবৃতি যোগে ক্ষোভ প্ৰকাশ কৰিছে।কাইলৈৰ দিনটো ছাত্ৰ সন্থাই সমগ্ৰ জিলা খনতে কলা দিন হিচাপে পালন কৰিবলৈ মাজুলীবাসীক আহ্বান জনাইছে৷।

You might also like
Leave A Reply

Your email address will not be published.