কাইলৈ সুধাকণ্ঠৰ ওপজা দিন,কলাক্ষেত্ৰত বৰ্ণাঢ্য আয়োজন

কাইলৈ সুধাকণ্ঠ ভঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন। অসমীয়া জাতীয় জীৱনৰ চিৰনমস্য ভূপেনদাক স্মৰণৰ বাবে ৰাজ্যজুৰি আয়োজন চলিছে। ২০১১ চনৰ ৫ নৱেম্বৰত মহাপ্ৰয়াণ ঘটা ভূপেনদাৰ ৮ ছেপ্টেম্বৰৰ ওপজা দিনটো ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’এ ২০১২ বৰ্ষৰ পৰাই ‘সমন্বয় দিৱস’ ৰূপে শদিয়া,লখিমপুৰ,সোনাপুৰ, বঙাইগাঁও,বিজনীৰ উপৰিও মুম্বাই, কলকাতা আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকাত পালন কৰি আহিছে।যোৱাবেলি ক’ভিড পৰিস্থিতিৰ বাবে সুধাকণ্ঠৰ নিজৰাপাৰৰ বাসগৃহত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল সমন্বয় দিৱস। এইবেলি ক’ভিড পৰিস্থিতি কিছু শাম কটাত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটিয়া উদ্যোগত কলাক্ষেত্ৰৰ ভাৰতৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ সভাগৃহত সুধাকণ্ঠৰ ৯৫ সংখ্যক জন্মদিন ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হ’ব।
এই উপলক্ষে পুৱা ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই ভূপেনদাৰ ৯৫ সংখ্যক জন্মদিনত কলাক্ষেত্ৰৰ বাকৰিত ৯৫ খন পতাকা উত্তোলন কৰা হ’ব।
সুধাকণ্ঠৰ গীত-মাতে,আলাপেৰে জীপাল হ’ব লগা এই অনুষ্ঠানতে মৰণোত্তৰ ভাৱে বিশিষ্ট নাট্যকাৰ, সাহিত্যিক অৰুণ শৰ্মালৈ ‘ভূপেন হাজৰিকা হিতৈষী বঁটা-২০২১’ আৰু বিশিষ্ট সাংস্কৃতিক সাধক ধৰণী পামক ‘ভূপেন হাজৰিকা সমন্বয় বঁটা -২০২১’ৰে সন্মানিত কৰা হ’ব। উদ্যোক্তা সকলে জনোৱা মতে সুধাকণ্ঠৰ ওপজা দিনৰ এই অনুষ্ঠানতে সুলেখিকা মঞ্জুলা হাজৰিকাৰ মুখ্য সম্পাদনাত লেখক, সাংবাদিক পুলিন কলিতাই সম্পাদনা কৰা ‘সুধাকণ্ঠৰ গদ্য’ শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰা হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.