কাবুলৰ পৰা ভাৰত পালেহি আৰু ৭৮ লোক

গুৰু গ্ৰন্থ চাহিব সহ আফগানিস্থানৰ পৰা ভাৰতলৈ প্ৰত্যাবৰ্তন আৰু ৭৮ লোকৰ। মঙলবাৰে ২৫ গৰাকী ভাৰতীয় নাগৰিক আৰু কেবাগৰাকীও আফগান শিখ, হিন্দু সহ ভাৰতত উপস্থিত হল ৭৮ গৰাকী লোক। শিখধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিবৰ ৩ খন প্ৰতিলিপি সহ ভাৰতীয় বায়ুসেনাৰ সামৰিক পৰিবহন বিমানেৰে কাবুলৰ পৰা ভাৰতত উপস্থিত হলহি দলটো। এই পৰ্যন্ত আফগানিস্থানৰ পৰা দিল্লীলৈ প্ৰত্যাবৰ্তন ৮ শতাধিক লোকৰ।।

You might also like
Leave A Reply

Your email address will not be published.