কামৰূপ(ম) জিলাত আন্তঃবিদ্যালয় ফুটবল-হকী প্ৰতিযোগিতা
গুৱাহাটী,২৭ জুন : ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ
জিলাত অহা ১ জুলাই, ২০২৫ৰ পৰা ৪ জুলাই, ২০২৫ ৰ ভিতৰত আন্তঃ বিদ্যালয় স্তৰত এলানি ফুটবল আৰু হকী প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই ফুটবল প্রতিযোগিতা সমূহ তিনিটা স্তৰত ক্রমে ১৫বছৰ অনুর্ধ ল’ৰাৰ পিলিক চৌধুৰী সোঁৱৰণী ফুটবল, ১৭বছৰ অনুর্ধ ল’ৰাৰ দেওকন সোঁৱৰণী ট্ৰফী, ১৭ বছৰ অনুর্ধ ছোৱালীৰ নৃপেন্দ্র নাৰায়ণ সিংহ সোঁৱৰণী ট্ৰফী আৰু ১৭ বছৰ অনুর্ধ ল’ৰা আৰু ছোৱালীৰ আন্তঃবিদ্যালয় হকী প্রতিযোগিতা হিচাপে অনুষ্ঠিত হ’ব। এই প্রতিযোগিতাসমূহত অংশগ্রহণ কৰিবৰ বাবে ইচ্ছুক ছাত্র-ছাত্রী সকলে তেওঁলোকৰ নাম নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে অহা ২৯ জুন ২০২৫ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব। এই প্রতিযোগিতাসমূহৰ বিষয়ে সবিশেষ জানিবৰ বাবে ৯৮৫৪০৪৮৪৫৩ আৰু ৬০২৬৩০৬৪৩৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত ক্রীড়া বিষয়াই আহ্বান জনাইছে।