কাশ্মীৰত নিহত চাৰিজন স্থানীয় উগ্ৰপন্থী!

কাশ্মীৰত দুটা এনকাউণ্টাৰত নিহত চাৰিজন স্থানীয় উগ্ৰপন্থী। মঙলবাৰে কাশ্মীৰত শেহতীয়াকৈ এজন আৰক্ষী বিষয়াৰ হত্যাৰ সৈতে জড়িত এটা উগ্ৰপন্থীসহ মুঠ চাৰিটা স্থানীয় উগ্ৰপন্থী দুটা পৃথক এনকাউণ্টাৰত নিহত হয়। উগ্ৰপন্থীৰ উপস্থিতি সম্পৰ্কে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষী, চিআৰপিএফ আৰু সেনাৰ এটা যুটীয়া দলে পুলৱামা জিলাৰ তুজ্জন গাঁৱত তালাচী অভিযান আৰম্ভ কৰে। তালাচী অভিযানৰ সময়ত উগ্ৰপন্থীয়ে তালাচী দলৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ গুলীচালনাত জৈশ-ই-মহম্মদৰ দুটা স্থানীয় উগ্ৰপন্থী নিহত হয়। নিহত দুই উগ্ৰপন্থী আবিদ আহমেদ শ্বেখ আৰু মজিদ নাজিৰ ৱানী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। বাৰামুলা জিলাৰ সোপোৰত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা আন এটা সংঘৰ্ষত নিহত হয় লস্কৰ-ই-তৈবাৰ দুটা স্থানীয় উগ্ৰপন্থী। নিহত দুই উগ্ৰপন্থীয়ে শেহতীয়াকৈ উগ্ৰবাদত যোগদান কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.