কাশ্মীৰত PMO ৰ শীৰ্ষ বিষয়া হিচাপে পৰিচয় দিয়া গুজৰাটী প্ৰৱঞ্চকক গ্ৰেপ্তাৰ!

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে শ্ৰীনগৰ চহৰত কিৰণ জে পেটেল নামৰ এজন ব্যক্তিয়ে নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন শীৰ্ষ বিষয়া হিচাপে পৰিচয় দি গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে ধৃত যুৱকজনে চলিত বছৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক হিচাপে নিজকে পৰিচয় দি জেড প্লাছ শ্ৰেণীৰ সুৰক্ষা লৈ গুলমাৰ্গকে ধৰি কাশ্মীৰৰ কেইবাটাও পৰ্যটনস্থলী ভ্ৰমণ কৰিছিল । তেওঁ দাবী কৰা অনুসৰি চৰকাৰে তেওঁক সেই অঞ্চলৰ হোটেলসমূহত থকা ব্যৱস্থাৰ উন্নতিৰ বিষয়ে জানিবলৈ সেই ঠাইলৈ প্ৰেৰণ কৰিছিল । প্ৰবঞ্চকটোৱে তেওঁক সুৰক্ষা প্ৰদান কৰা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দিবলৈ সমূহ নথিপত্ৰ জালিয়াতি কৰিছিল । জানিব পৰা মতে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এই যাত্ৰা কালত গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছিল । শ্ৰীনগৰত বৈঠকৰ সময়ত এজন আইএএছ বিষয়াই কিৰণ জে পেটেলক কিছু কথাত সন্দেহ কৰি তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। শ্ৰীনগৰৰ এখন স্থানীয় আদালতে পেটেলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । আনহাতে কিৰণ জে পেটেলক দুজন আৰক্ষী বিষয়াই ভুৱা প্ৰমান পত্ৰ প্ৰস্তুত কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.