ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত
দক্ষিণ আফ্ৰিকাৰ দাৰবানৰ এখন আদালতে জালিয়তিৰ গোচৰত মহাত্মা গান্ধীৰ পৰি নাতিনী আশিষ লতা ৰামগোৱিনক সাত বছৰ কাৰাদণ্ড প্ৰদান কৰে। সমাজকৰ্মী হিচাপে খ্যাত ৫৬ বছৰীয়া ৰামগোৱিনক ছয় মিলিয়ন ৰাণ্ডৰ জালিয়তিৰ বাবে উক্ত শাস্তি প্ৰদান কৰে। উল্লেখ্য যে, আশিষ লতা ৰামগোৱিনৰ বিৰুদ্ধে এচ আৰ মহাৰাজ নামৰ ব্যৱসায়ী এজনে জালিয়তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
আশিষ লতা ৰামগোৱিন প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী ইলা গান্ধী আৰু মেৱা ৰামগোৱিন্দৰ পুত্ৰী। উল্লেখ্য যে, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত প্ৰতিষ্ঠা কৰা ফিনিক্স চেটেলমেণ্টক পুনঃপ্ৰতিষ্ঠা কৰাত ইলা গান্ধী আৰু মেৱা ৰামগোৱিন্দৰ যথেষ্ঠ অৰিহনা আছিল।।