কিয় দুৰ্ঘটনাত পতিত হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান ?
কাৰণ জনালে প্ৰাক্তন বায়ুসেনা প্ৰধানে…
উৰণৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমান খন। আহমেদাবাদৰ মেঘানি নগৰৰ মৰ্মান্তিক দুৰ্ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, ঘটনাটোত ২৭৪ জন লোকৰ মৃত্যু হয়, ইয়াৰ ভিতৰত আছিল যাত্ৰী, ক্ৰিউ মেম্বাৰ আৰু সাধাৰণ নাগৰিক। কিয় সংঘটিত হ’ল এই দুৰ্ঘটনা?
এটাই প্ৰশ্ন সকলোৰে মনত …
উৰণৰ পিছতে কিদৰে ভাঙি পৰিল বয়িং ৭৮৭ ড্ৰিমলাইনাৰ? এই বিষয়ে বায়ুসেনা প্ৰধান অৰূপ সাহাই জনাইছে যে তেওঁৰ মতে ইঞ্জিন বিকল হোৱাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা।তেওঁ কয়, ‘‘বিমানখন যিদৰে মাটিত সোমাই গৈছে, বিমানখনৰ অৱস্থা দেখি ধাৰণা হৈছে যে খুব গুৰুত্বপূৰ্ণ সময়ত এই দুৰ্ঘটনা সংঘটিত হৈছে। মাটি এৰি আকাশত উৰাৰ সময়ত ইঞ্জিনৰ পাৱাৰ সমস্যাই দেখা দিয়ে।’’অৰূপ সাহাৰ মতে, ‘‘বোধহয় দুয়োটা ইঞ্জিনৰে পাৱাৰ গুচি গৈছিল , আৰু সেয়া হয় খুব গুৰুত্বপূৰ্ণ অৱস্থাত। তাৰ ফলতে ভাঙি পৰে বিমানখন। আৰু এটা কাৰণ হ’ব পাৰে, সেয়া হ’ল ইন্ধনত ভেজাল। এই কাৰণতো বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনা পূৰ্বে ঘটিছে।’’আন্তৰ্জাতিক বিমান বিশেষজ্ঞ কেপ্টেইন ষ্টিভৰ ভিডিঅ’ এক্স হেণ্ডেলত ভাইৰেল হৈছে, য’ত তেওঁৰ মতে দুৰ্ঘটনাৰ কাৰণ লেণ্ডিং গিয়েৰৰ পৰিৱৰ্তে ফ্লেপ ৰিট্ৰেকশ্যন। এয়া ককপিট এৰৰৰ ঘটনা।