কুৰিহামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

বৰক্ষেত্ৰীৰ কুৰিহামাৰীত ভয়ংকৰ অগ্নিকাণ্ড।বান,গৰাখহনীয়াৰ দুৰ্যোগ চলি থকাৰ সময়তে কুৰিহামাৰী চৰত আন এক বিপৰ্যয়। কুৰিহামাৰী গাৱঁৰ আনছেৰ আলী,তমছেৰ আলী আৰু ছহিদুল ইছলাম নামৰ লোক কেইজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিকাণ্ডত কেইবাটাও গৃহ ভস্মীভূত হয়। নিমিষতে জুইত জাহ গ’ল ঘৰৰ সমস্ত সা-সম্পত্তি। পাছত স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়।অগ্নিকাণ্ডৰ কাৰণ বাতৰি প্ৰস্তুত কৰা পৰলৈ জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.