কেনেকৈ সংঘটিত হ’ল মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা?

আজি বিয়লি নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট অভিমূখী দুখন ফেৰীৰ মাজত সংঘটিত আকস্মিক দুৰ্ঘটনাটোৱে এতিয়া সমগ্র ৰাজ্যতে শোকৰ ছা‍ঁ পেলাইছে। টিপকাই নামৰ মালবাহী ফেৰীখনৰ সৈতে মা কমলা নামৰ যাত্ৰীবাহী ফেৰীখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয়। ইফালে চৰকাৰৰ বিয়াগোম জলপৰিবহণ বিভাগৰ কাণ্ডজ্ঞানহীনতা আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বাবে মাজুলী নিমাতী সংযোগী দলংখন একমাত্ৰ নিৰ্বাচনী ইচ্চু হৈ থকাৰ বাবেই হৃদয়বিদাৰক এনে এটি ঘটনা সংঘটিত হ’ল বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তদুপৰি একাংশ প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে ফেৰী নিয়ন্ত্ৰণৰ দ্বায়িত্বত থকা কৰ্মচাৰীয়ে এখন ফেৰী চপাৰ পূৰ্বেই এৰি দিছিল আনখন ফেৰী। যাৰ বাবেই আজি এই কৰুণ ঘটনা সংঘটিত হ’বলৈ পালে বুলিও একাংশ লোকে অভিযোগ তুলিছে। বৰ্তমানলৈকে ফেৰী দুখনত আবদ্ধ হৈ থকা মুঠ ১২০ যাত্ৰীৰ দুমহীয়া শিশু সহ প্ৰায় ৩২ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।তদুপৰি পানীত ডুব গৈছে ফেৰীত কঢ়িয়াই অনা একাধিক দুচকীয়া,চাৰিচকীয়া বাহন।এতিয়াও NDRF আৰু SDRF বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।অবশ্যে এন্ধাৰ নামি অহাৰ লগে লগে উদ্ধাৰ অভিযানক লৈ ব্যাপক শংকাৰ সৃষ্টি হৈছে।বৰ্তমান সময়ৰ এটা ভাল খবৰ এইয়ে যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা মাজুলীৰ ঘৰলৈ প্ৰথম বাৰৰ বাবে আনি থকা এটি দেৱশিশু সহ শিশুটিৰ মাতৃৰ প্ৰাণ ৰক্ষা পৰিছে।তদুপৰি পানীৰ মাজৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা পৰিমীতা দাসক।

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে মাজুলীৰ এই কৰুণ দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰি ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।

মাজুলীৰ পৰা প্ৰাঞ্জল গাৰ্গৰ ৰিপৰ্ট।

You might also like
Leave A Reply

Your email address will not be published.