কোন ৰাশিৰ মানুহ অধিক হতাশাত পৰে ?

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

চিন্তা আৰু হতাশাই আমাৰ সকলোৰে জীৱনত কম বেছি পৰিমাণে ক্ৰীয়া কৰে। ভাৱনাত্মক দিশটোৰ পৰা যিমানেই আতৰি থকাৰ যত্ন কৰা হয় সিমানেই কিবা নহয় কিবা হতাশাই লগ লয়।কেতিয়াবা যদি কৰ্মক্ষেত্ৰৰ হতাশা আন কেতিয়াবা পাৰিবাৰিক কিছু কথাই হতাশা কঢ়িয়াই আনে। আৰু সেয়েহে আমি সকলোৱে মানসিক অশান্তিত ভোগো।যিসকল লোক হতাশাগ্ৰস্থ স্বভাৱৰ হয় তেওঁলোক সৰু সৰু কাৰণতে অধিক হাতাশ হৈ পৰে।কেইটামান বিশেষ ৰাশিৰ লোকে অধিক হতাশাত ভোগা দেখা যায়। সেই ৰাশিকেইটা হৈছে-

মীন: এই ৰাশিৰ লোকসকল আনৰ প্ৰতি খুৱেই চিন্তিত হয়।এইলোক সকলে নিজৰ প্ৰিয়জনক সদায়ে সুৰক্ষিত ৰাখিবলৈ যত্ন কৰে। নিজৰ প্ৰিয়জনৰ সুখ-শান্তিৰ প্ৰতি এই ৰাশিৰ লোক সকলে সদায়ে লক্ষ্য ৰাখে। এই ৰাশিৰ লোক সকলে আনক সুখত ৰাখিবলৈ নিজে প্ৰায়ে চিন্তাত থকা দেখা যায়।

বৃশ্চিক:এই ৰাশিৰ লোক সকল অতন্ত্য ভাৱুক আৰু ইচ্ছাকাংশী হয়।এই ৰাশিৰ লোক সকলে নিজৰ ইচ্ছা আৰু লক্ষ্যত উপনীত হবৰ বাবে যথেষ্ট কষ্ট কৰিব পাৰে,সেয়ে এইসকল লোকে জীৱনৰ সাধাৰণ সুখবোৰৰ আমেজ নলয় হতাশাত ভোগে।

কন্যা: কন্যা জন্মৰ অৰ্থ হৈছে পূৰ্ণবাদীতা।এই ৰাশিৰ লোক সকলে নিজৰ কাম সমূহ নিয়াৰীকৈ কৰিব বিছাৰে।এই লোক সকলে কামত মন বহাব নোৱাৰিলে হতাশাত ভোগে।

মিথুন:এই লোক সকল দুই ধৰণৰ চিন্তা-ধাৰা আদৰ্শৰ হয়।এই লোক সকলে আনন্দ-ফুৰ্টি কৰে যদিও কিছু পৰিমাণে হতাশাত ভোগে।নিজৰ ওপৰত অতিৰিক্ত বোজা লোৱাৰ বাবেই এই লোক সকলে চিন্তাত দিন কটাব লগা হয়।

কৰ্কট:এই ৰাশিৰ লোক সকল অধিক ভাবুক আৰু সংবেদনশীল প্ৰকৃতিৰ হয়।আনে তেওঁলোকৰ কথা কি কৈছে তাৰ প্ৰতি কৰ্কট ৰাশিৰ লোক সকল খুব সচেতন। আনে তেওঁলোকৰ বিৰুদ্ধে বিৰোপ মন্তব্য কৰিলে এই লোক সকল চিন্তিত হৈ পৰে।এই লোক সকলে নিজৰ সমস্যা হতাশা সমূহ নিজৰ মাজতে আৱদ্ধ ৰাখে যাৰ বাবে এই লোক সকলে অধিক মানসিক চাপ ভোগ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.