নেচনেল ডেস্ক, এন ই ভাৰত
ক’ভিড সংকটৰ কালত চিকিৎসা বিজ্ঞানক তাচ্ছিল্য কৰি অবশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল যোগগুৰু বাবা ৰামদেৱ।কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত বাবা ৰামদেৱে এল’পেথি চিকিৎসাক A Stupid Science বুলি মন্তব্য কৰাৰ লগতে DCGIৰ অনুমোদিত ৰেমডেছিৱিৰ,ফেভিফ্লু’ আৰু অন্যান্য ঔষধ সমুহ ক’ভিড চিকিৎসাত চুড়ান্ত ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰিছিল। ইয়াৰ পাছতে ৰামদেৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদত উত্তাল হৈ পৰিছিল ক’ভিড যোদ্ধা চিকিৎসক সকল।ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যনৰ তীব্ৰ প্ৰতিবাদৰ পাছত ৰামদেৱৰ মন্তব্য দুৰ্ভাগ্যজনক বুলি টুইটাৰ যোগে অভিহিত কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা:হৰ্ষবৰ্দ্ধনে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ টুইটৰ পাছতেই যোগগুৰু বাবা ৰামদেৱে নিজৰ মন্তব্য প্ৰত্যাহাৰ কৰি অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ ওচৰত ক্ষমা বিচাৰিলে।