খটখটীত ড্ৰাগছ সহ মহিলা আটক

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে অভিযান চলাই আজি পুনৰ ২৫.৫ গ্ৰাম  ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।আটকাধীন মহিলা গৰাকীৰ  লাহৰিজানৰ নতুন বস্তিৰ আছমা বেগম বুলি জানিব পৰা গৈছে। স্থানীয় গাঁওৰক্ষী বাহিনীৰ সূত্ৰৰ ভিক্তিত খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবলিক ব্ৰহ্মৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্ষক ছৰন মোহন চেতিয়াই অভিযান চলাই
ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীৰ পৰা নগদ ৩৫,৫০০ টকা উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.