গুগল, ফেচবুকক তলব সংসদীয় স্থায়ী কমিটিৰ

গুগল আৰু ফেচবুকক সংসদৰ স্থায়ী কমিটিৰ তলব। সংসদৰ স্থায়ী কমিটিয়ে গুগল আৰু ফেচবুকৰ প্ৰতিনিধিক মঙলবাৰে কমিটিৰ সন্মুখত হাজিৰ হ’বলৈ আহ্বান জনায়। কংগ্ৰেছ নেতা শশী থাৰুৰৰ নেতৃত্বত স্থায়ী কমিটিয়ে উক্ত কোম্পানী দুটাৰ সৈতে ভাৰতীয় নাগৰিক সকলৰ অধিকাৰ সুৰক্ষা তথা কেনেদৰে চ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি এই সম্পৰ্কে মত গ্ৰহণ কৰিব।

উল্লেখ্য যে, টুইটাৰৰ প্ৰতিনিধিৰে সংসদৰ স্থায়ী কমিটিয়ে ভাৰতৰ নতুন IT আইন তথা টুইটাৰ অপব্যৱহাৰ ৰোধ কৰা সন্দৰ্ভত মত গ্ৰহণ কৰাৰ দহ দিন পিছতে গুগল আৰু ফেচবুকলৈকো জাননী পঠিওৱা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.